Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ASSAM | Crime rate in Assam Reduce 69 per cent : অসমত অপৰাধৰ হাৰ ৬৯ শতাংশ হ্ৰাস
গুৱাহাটী: অসমত অপৰাধৰ হাৰ হ্ৰাস পোৱাৰ লগতে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি হোৱা বুলি প্ৰকাশ পাইছে। পৰিসংখ্যা অনুসৰি, ২০২১ চনত প্ৰতিলাখ লোকৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭০.০ আছিল। ২০২৬ চনৰ জুলাই মাহলৈ এই হাৰ হ্ৰাস হৈ ১১৬.৮ত উপনীত হৈছে। অৰ্থাৎ এই সময়ছোৱাত অপৰাধৰ হাৰ ৬৯ শতাংশ হ্ৰাস পাইছে।
২০২১ চনত ৰাজ্যত মুঠ ১,৩৩,২৩৯টা গোচৰ ৰুজু হৈছিল। ইয়াৰ বিপৰীতে ২০২৬ চনৰ জুলাই মাহলৈ ৰুজু হোৱা গোচৰৰ সংখ্যা ২৫,০১৪টালৈ হ্ৰাস পাইছে। একেদৰে অমীমাংসিত গোচৰৰ সংখ্যাতো ব্যাপক হ্ৰাস ঘটিছে। ২০২০ চনত ৰাজ্যত ১,৫৪,২৮০টা অমীমাংসিত গোচৰ থকাৰ বিপৰীতে ২০২৬ চনৰ জুলাইলৈ এই সংখ্যা ১০,১৩৬টালৈ হ্ৰাস পাইছে। অৰ্থাৎ অমীমাংসিত গোচৰৰ সংখ্যা প্ৰায় ৯৩ শতাংশ হ্ৰাস হৈছে।
Related Posts
গোচৰৰ তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বীট দাখিলৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে। ২০২২ চনত চাৰ্জশ্বীট দাখিলৰ হাৰ ৩৪.৩ শতাংশ আছিল। ২০২৬ চনৰ জুলাইলৈ এই হাৰ বৃদ্ধি হৈ ৮৬.৬৫ শতাংশ হৈছে।
ইফালে, দোষী সাব্যস্ত কৰি শাস্তি প্ৰদানৰ হাৰতো উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। ২০২০ চনত এই হাৰ মাত্ৰ ৫.৫ শতাংশ আছিল। ২০২৬ চনৰ জুলাইলৈ ই বৃদ্ধি হৈ ২৯.৩২ শতাংশত উপনীত হৈছে। কেৱল জুলাই মাহতে দোষী সাব্যস্তৰ হাৰ ৩৮.১০ শতাংশ হোৱা বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like