নেচনেল ডেস্ক:
নিশা মাজ আকাশত বোমাতংক। ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত। নিশা প্ৰায় ১১ বজাত আই জি আই কণ্ট্ৰল ৰুমৰ ছ’চিয়েল মিডিয়া চাইটত আহিছিল নতুন দিল্লী অভিমুখী ৰাছিয়াৰ এছ ইউ-২৭২ বিমানত বোমা স্থাপন কৰা সন্দৰ্ভত ভাবুকিৰ এটা ই-মেইল । শুকুৰবাৰে পুৱতি নিশা ২.৪৮ বজাত বিমানখন নিৰাপদে অৱতৰণ কৰে আই জি আইত। বিমানখন অৱতৰণ কৰাৰ লগে লগে বিমানৰ ভিতৰৰ ৩৮৬ জন যাত্ৰী আৰু ১৪ জন ক্ৰু সদস্যক তৎক্ষণাত সুৰক্ষিতভাৱে নিৰাপদ স্থানলৈ অনা হয় । পিছত বিমানত তালাচী চলোৱাত সন্দেহজনক একো উদ্ধাৰ হোৱা নাই বুলি সদৰি কৰে আৰক্ষীয়ে।।