নেচনেল ডেস্ক:
পঞ্জাৱৰ অমৃতসৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত পুনৰ গুলীয়াই ভূপতিত কৰে নিচাজাতীয় দ্ৰব্য কঢ়িয়াই অনা পাকিস্তানী ড্ৰোন। সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) গুলীয়াই ভূপতিত কৰে পাকিস্তানী ড্ৰোনখন। ঘটনা সন্দৰ্ভত আটক এজন সন্দেহযুক্ত চোৰাংচোৱাক ।উল্লেখযোগ্য যে শেহতীয়াকৈ বি এছ এফৰ জোৱানৰ দ্বাৰা
গুলীয়াই ভূপতিত কৰা এইখন ষষ্ঠখন ড্ৰ’ন।
বি এচ এফৰ খবৰ অনুসৰি ২৭ মে’ৰ নিশা অমৃতসৰৰ ধনোৱে খুৰ্দ গাঁৱৰ সমীপত সংঘটিত হয় ঘটনাটো । পৰৱৰ্তী সময়ত অঞ্চলটোত তালাচী চলোৱাৰ সময়ত বি এছ এফৰ সৈন্যই গাঁৱখনৰ সমীপৰ কৃষি পথাৰত উদ্ধাৰ কৰে ভূপতিত ড্ৰ’নখন। ঘটনা সন্দৰ্ভত সৈন্যই এজন সন্দেহযুক্তক আটক কৰাৰ লগতে প্ৰায় ৩.৪ কেজিৰ তিনিটা পেকেটৰ সন্দেহযুক্ত দ্ৰব্যৰ মোনা এখনো জব্দ কৰে।।