নেচনেল ডেস্ক:

ঝাৰখণ্ডৰ খুঁটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন বাগৰি যোৱাৰ ফলত কমেও ৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৮ গৰাকী লোক। ঘটনাটো সংঘটিত হয় শনিবাৰে। আহত সকলক আৰক্ষীয়ে ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হয় খুঁটি জিলাৰ আৰ্কি থানা এলেকাৰ চাটাম উতুব গাঁৱত । বাহনখনে ২০ গৰাকী লোকক লৈ সাপ্তাহিক বজাৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো।।

You might also like
Leave A Reply

Your email address will not be published.