পঞ্জাৱৰ লুধিয়ানাত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী!

নেচনেল ডেস্ক:

ঞ্জাৱৰ লুধিয়ানাত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী । প্ৰায় ২২ কেজি ভাংসহ ৪ টা কুখ্যাত সৰবৰাহকাৰীক আটক। লুধিয়ানাৰ ফ’কেল পইণ্টত আৰক্ষীৰ তালাচীত ২২ কেজি ভাংসহ গ্ৰেপ্তাৰ কৰে চাৰিটা সৰবৰাহকাৰীক । আৰক্ষীয়ে জনোৱা মতে, চাৰি অভিযুক্তই উত্তৰ প্ৰদেশৰ বাৰেলীৰ পৰা নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰিছিল। ধৃত অভিযুক্ত কেইটা গিয়াছপুৰাৰ সম্ৰাট কলনীৰ মনীষ কুমাৰ, পৰদীপ কুমাৰ, নিউ মতি নগৰৰ ৰাহুল আৰু হৰগোবিন্দ নগৰৰ ছানী কুমাৰ। আনহাতে আৰক্ষীয়ে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰা পৰদীপৰ গাড়ীখনো জব্দ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.