মধ্যপ্ৰদেশৰ ছিধিত ভয়ংকৰ পথ দুৰ্ঘটনা!

এখন ট্ৰাক নিয়ন্ত্ৰণৰ হেৰুৱাই ৰৈ থকা দুখন বাছত খুন্দা মৰাৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু!

নেচনেল ডেস্ক:

ধ্যপ্ৰদেশৰ ছিধিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক নিয়ন্ত্ৰণৰ হেৰুৱাই ৰৈ থকা দুখন বাছত খুন্দা মৰাৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় প্ৰায় ৫০ গৰাকী লোক । নিশা প্ৰায় ৯ বজাত ৰেৱা-সতনা সীমান্তৰ মোহনীয়া সুৰংগৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক জৰুৰীকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে যাত্ৰীসকল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ লোৱা এক অনুষ্ঠানৰ পৰা উভতি অহা অবস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত এখন বাছখন বাগৰি পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আহত ৪৫ গৰাকীৰ ভিতৰত ৯ গৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাস্থলী পৰিদৰ্শন কৰি গভীৰ শোক ব্যক্ত কৰাৰ লগতে ক্ষতিপূৰণ ঘোষণা কৰে।।

 

You might also like
Leave A Reply

Your email address will not be published.