আজি ২৫ ফেব্ৰুৱাৰী

▶️আজি কুৱেইটৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৫৮৬ চনৰ এই দিনটোতেই পেছোৱাৰ ওচৰত হোৱা এখন যুদ্ধত আকবৰৰ সভাসদ বীৰবলৰ মৃত্যু ঘটিছিল।
▶️১৭৬০ চনৰ এই দিনটোতেই ৰবাৰ্ট ক্লাইভৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন। ১৭৬৫ চনত তেওঁ পুনৰ ভাৰতলৈ উভতি আহিছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ মৃত্যু ঘটিছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম স্থল ক্ষেপনাস্ত্ৰ ‘পৃথ্বী’ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ।
▶️২০০৪ চনৰ এই দিনটোতেই নিপন গোস্বামীলৈ জ্যোতিৰূপা মিডিয়া এৱাৰ্ডৰ জীৱনজোৰা সাধনা বঁটা।
▶️২০০৭ চনৰ এই দিনটোতেই ১৫ লাখ কপি প্ৰচলনৰ সংখ্যা অতিক্ৰম কৰা একমাত্ৰ আঞ্চলিক ভাষাৰ কাকত ৰূপে পৰিগণিত হৈছিল মালায়ালা মনোৰমা।।

You might also like
Leave A Reply

Your email address will not be published.