নেচনেল ডেস্ক:

ৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাৰ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ! ৰাজ্যখনৰ বিধানসভাত দিয়া অন্তিমটো ভাষণত তেওঁ ঘোষণা কৰে অৱসৰৰ কথা। অৱশ্যে জীৱনৰ শেষ উশাহ থকালৈকে দলক নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে কাম কৰি যাব বুলিও ভাষণত উল্লেখ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

এইটো মোৰ বাবে এক বিৰল মুহূৰ্ত যিহেতু মই ইতিমধ্যে কৈছো, মই আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। এয়া মোৰ বিদায়ী ভাষণ। মোক কথা ক’বলৈ দিয়াৰ বাবে ধন্যবাদ

জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পাই ২০১৯ চনৰ জুলাইৰ পৰা ২০২১ চনৰ জুলাইলৈকে কৰ্ণাটকৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান য়েদিয়ুৰাপ্পা কৰ্ণাটক বিধানসভাৰ সদস্য। কৰ্ণাটক বিধানসভাত চাৰিবাৰ মুখ্যমন্ত্ৰী আৰু তিনিবাৰ বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰ্ষীয়ান নেতাজনে।।

You might also like
Leave A Reply

Your email address will not be published.