ফিলাডেলফিয়াত ভয়ংকৰ গুলীচালনা!

ইন্টাৰনেচনেল ডেস্ক:

ফিলাডেলফিয়াত ভয়ংকৰ গুলীচালনাৰ ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া এখন বিদ্যালয়ৰ সমীপত সংঘটিত হোৱা গুলীচালনাত ৫ গৰাকী কিশোৰীসহ আহত হয় এটি দুবছৰীয়া কণ্যা শিশু। ফিলাডেলফিয়াৰ আৰক্ষী অধীক্ষক ডেনিয়েল আউটলে জনোৱা অনুসৰি চিকিৎসাধীন দুবছৰীয়া কণ্যা শিশুটি বৰ্তমান সুস্থ যদিও গুৰুতৰভাৱে আহত এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ অৱস্থা সংকটজনক।

 

প্ৰাপ্ত খবৰ অনুসৰি, সন্ধিয়া প্ৰায় ৬ বজাত প্ৰাথমিক বিদ্যালয় এখনৰ পৰা মাত্ৰ কেইশ ফুটমান দূৰৈত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। ঘটনা সন্দৰ্ভত অব্যাহত আৰক্ষীৰ তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.