ডাইনিং টেবুলত বিহৰ বটল !

পশ্চিম বংগৰ পূব বৰধমান জিলাৰ পিৰপুকুৰ অঞ্চলত এগৰাকী বৃদ্ধা আৰু দুগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  চাঞ্চল্যৰ  সৃষ্টি কৰিছে।

নেচনেল ডেষ্ক

শ্চিম বংগৰ পূব বৰধমান জিলাৰ পিৰপুকুৰ অঞ্চলত এগৰাকী বৃদ্ধা আৰু দুগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  চাঞ্চল্যৰ  সৃষ্টি কৰিছে । মৃত মহিলা কেইগৰাকী ক্ৰমে মৃণালিনী চৌধুৰী, তেওঁৰ কন্যা বন্দনা  চৌধুৰী আৰু শংখমিতা চৌধুৰী বুলি জানিব পৰা গৈছে।বৃদ্ধাগৰাকীৰ কন্যা বন্দনাই  নিয়োগ কৰা ঘৰুৱা সহায়িকা ৰূপালী হাজৰাৰ ভাষ্য অনুসৰি পূৱা তেওঁ কামলৈ অহাৰ পৰত বেলকনিৰ পৰাই বন্দনাই সকলো শুই থকা বুলি কৈছিল। কিন্তু পাছত সহায়িকা গৰাকীৰ সন্দেহ ওপজাত আত্মীয় এগৰাকীক মাতি দুৱাৰ খন ভাঙি পেলোৱাত মৃতদেহ কেইটা প্ৰত্যক্ষ কৰে ।পিছত আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘৰটোত থকা ডাইনিং টেবুলৰ পৰা বিহৰ বটল উদ্ধাৰ কৰে। বৰ্তমানে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.