পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ!

তোছাখানা গোচৰৰ বাবে ৩ বছৰৰ কাৰাদণ্ড বিহিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ।তোছাখানা গোচৰৰ বাবে ৩ বছৰৰ কাৰাদণ্ড বিহিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক পাঁচ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে অযোগ্য ঘোষণাও কৰে পাকিস্তানৰ আদালতে। শনিবাৰে ন্যায়াধীশ হুমায়ুন দিলাৱাৰে অবৈধভাৱে তোছাখানাৰ উপহাৰ বিক্ৰী কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে ইমৰাণ খানক।

উল্লেখযোগ্য যে শুনানিৰ সময়ত আদালতত উপস্থিত নাছিল ইমৰাণ খান। আদালতৰ ৰায়ৰ কিছু সময়ৰ পাছতেই পাকিস্তান আৰক্ষীয়ে ইমৰাণ খানক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অধিবক্তাই সদৰি কৰে।

উল্লেখ্য যে,যোৱা বছৰৰ এপ্ৰিল মাহত ইমৰাণ খানক পদচ্যুত কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে ১৫০টাতকৈও অধিক গোচৰ ৰুজু হৈছে। ইয়াৰ বিপৰীতে এই গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী ইমৰাণ খানৰ।।

You might also like
Leave A Reply

Your email address will not be published.