ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ!

এই পৰ্যন্ত যোৰহাটত এটি শিশুসহ ৫ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৯০ৰো অধিক লোক চিকিত্‍সাধীন

নিউজ ডেস্কঃ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। এই পৰ্যন্ত যোৰহাটত এটি শিশুসহ ৫ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৯০ৰো অধিক লোক চিকিত্‍সাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় জিলাতো এই ৰোগ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। মৰাণত বহুলোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত।
খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চলত ৭ গৰাকীকৈ লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিছত। শিৱসাগৰতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জিলাখনত বৰ্তমানলৈকে ৩ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ গৰাকী লোক চিকিত্‍সাধীন হৈ আছে। ডিমৌ স্বাস্থ্য খণ্ডৰ এলেকাত সৰ্বাধিক ৮ গৰাকী আক্ৰান্ত। গেলেকীত ৫, খেলুৱাত ৪ আৰু ম’ৰাবজাৰত ২ গৰাকী লোক আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে। ইফালে গহপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ICU ত চিকিত্‍সাধীন হৈ আছে এটি ডেৰ বছৰীয়া শিশু। হেলেমৰ চন্দামাৰী বঙালী অঞ্চলতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। চাৰিদুৱাৰত এই ৰোগত আক্ৰান্ত হৈছে এজন লোক।আনহাতে, বৰপেটাত এই ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু ঘটিছে। এই পৰ্যন্ত দুই শতাধিক লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.