মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত জড়িত আন এজন লোকক আটক

ধৃত সদস্যজন ৰাতুল ছেত্ৰী বুলি জানিব পৰা গৈছে

নিউজ ডেস্ক:

ঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত জড়িত আন এজন লোকক আটক। শুকুৰবাৰে নিশা নুনমাটি আৰক্ষীয়ে আটক কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যজনক। ধৃত সদস্যজন ৰাতুল ছেত্ৰী বুলি জানিব পৰা গৈছে। বৰ্তমান ৰাতুল ছেত্ৰীক মঙলদৈ থানাত আৰক্ষীয়ে জেৰা চলাই আছে। এই পৰ্যন্ত তিনিজনকৈ ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, দৰং জিলাৰ মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰৰ কিছু দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দৰং জিলাৰ আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল।।

You might also like
Leave A Reply

Your email address will not be published.