পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান পাৰভেজ মুছাৰফৰ মৃত্যু। দেওবাৰে ডুবাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান গৰাকীৰ। উলেখ্য যে, দীৰ্ঘদিন ধৰি ডুবাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৭৯ বছৰীয়া মুছাৰফ।

উলেখ্য যে, ১৯৯৯ চনত পাকিস্তানৰ সেনা প্ৰধান মুছাৰফে সেই সময়ৰ নাৱাজ শ্বাৰিফৰ চৰকাৰ অগনতান্ত্ৰিকভাৱে ভাঙি সামৰিক শাসন প্ৰতিষ্ঠা কৰি পৰৱৰ্তি সময়ত নিজেই ৰাষ্ট্ৰপতি হৈ শাসন চলাইছিল। কাৰ্যকাল শেষ হোৱাৰ পিছত কেইবাটাও বিত্তীয় কেলেংকাৰীৰ লগতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চিত হৈছিল মুছাৰফ। ১৯৯৯ চনৰ ভাৰত-পাকিস্তানৰ মাজত সংঘটিত হোৱা কাৰ্গিল যুদ্ধৰ মূল খলনায়ক আছিল সেই সময়ৰ পাক সেনা প্ৰধান পাৰভেজ মুছাৰফ।।

You might also like
Leave A Reply

Your email address will not be published.