আজি ৫ ফেব্ৰুৱাৰী

▶️১৯২২ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা গাঁৱত উত্তেজিত জনতাৰ থানা আক্ৰমণ। ২২ জন আৰক্ষীৰ লোকক হত্যা।
▶️১৬৪৯ চনৰ এই দিনটোতেই প্ৰিন্স অব ৱেলছৰ প্ৰথম চাৰ্লছ নাম লৈ ইংলেণ্ডৰ সিংহাসনত আৰোহণ।
▶️১৮৬১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী কোলমেন চেলাৰ্ছৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা ‘চিনেমেটোস্কোপ’ যন্ত্ৰৰ পেটেণ্ট লাভ। এইটো যন্ত্ৰৰ জৰিয়তেই পৃথিৱীত চলচ্চিত্ৰৰ প্ৰথমটো ঢাপ আৰম্ভ হয়।
▶️১৯২২ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ৰীডাৰ্ছ ডাইজেষ্ট’ৰ প্ৰথম প্ৰকাশ।
▶️১৯৩৭ চনৰ এই দিনটোতেই চাৰ্লি চেপলিনৰ প্ৰথম ছবি ‘মডাৰ্ণ টাইমছ’ৰ মুক্তি।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই চন্দ্ৰলৈ যোৱা তৃতীয়খন মানৱবাহী যান ‘এপলো-১৪’ৰ চন্দ্ৰত অৱতৰণ। যানখনত যোৱা দুজন মহাকাশচাৰীয়ে চন্দ্ৰত ৪ ঘন্টা সময় খোজ কাঢ়ে।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ভেংসৰকাৰৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ।
▶️২০০৭ চনৰ এই দিনটোতেই ২৯ ঘন্টা ১৭ মিনিট ‘স্পেচ ৱাক’ কৰি মহাকাশচাৰী সুনীতা উইলিয়ামছ এই ক্ষেত্ৰত প্ৰথম মহিলাৰূপে পৰিগণিত হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে ১,৫৬০ দিন অনশন কৰি মণিপুৰৰ শৰ্মিলা দেৱীৰ গীনিজ বুকত স্থান লাভ। শৰ্মিলাই ২০০০ চনৰ ২ নৱেম্বৰৰ পৰা অনশন আৰম্ভ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.