মণিপুৰত শক্তিশালী গ্ৰেনেড বিষ্ফোৰণ!

শনিবাৰে মণিপুৰত পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত হয় শক্তিশালী বিষ্ফোৰণ। ৰাজধানী ইম্ফলৰ হাট্টা কংজেইবুং অঞ্চলত সংঘটিত হয় বিষ্ফোৰণটো। ইম্ফলত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ অনুষ্ঠানৰ স্থানৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ। উল্লেখ্য যে, এই ফেশ্বন শ্ব’তে দেওবাৰে বলিউডৰ অভিনেত্ৰী ছানী লিঅ’নীয়ে অংশগ্ৰহণ কৰাৰ কথা। অৱশ্যে বিষ্ফোৰণত কোনো লোক আহত হোৱা নাই।

আনহাতে, IED নে গ্ৰেনেডৰ বিস্ফোৰণ ঘটিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই পৰ্যন্ত কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.