পুনৰ বাইডেন প্ৰশাসনত এক গুৰুত্বপূৰ্ণ পদত ভাৰতীয় মূলৰ লোকক নিযুক্তি

ভাৰতীয়-আমেৰিকান নীৰা টেণ্ডনক ৰাষ্ট্ৰপতিৰ সহকাৰী আৰু ঘৰুৱা নীতি উপদেষ্টা হিচাপে নিযুক্তি

নিউজ ডেস্ক:

পুনৰ বাইডেন প্ৰশাসনত এক গুৰুত্বপূৰ্ণ পদত ভাৰতীয় মূলৰ লোকক নিযুক্তি।আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয়-আমেৰিকান নীৰা টাণ্ডেনক ৰাষ্ট্ৰপতিৰ সহকাৰী আৰু ঘৰুৱা নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। প্ৰাক্তন ৰাষ্ট্ৰদূত চুছান ৰাইছে উক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পিছত নীৰা টাণ্ডেনক এই পদৰ বাবে নিৰ্বাচিত কৰে ।তেওঁ বৰ্তমানে ৰাষ্ট্ৰপতি বাইডেনৰ জ্যেষ্ঠ উপদেষ্টা আৰু কৰ্মচাৰী সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰথমতে বাইডেনে অফিচ অৱ মেনেজমেণ্ট এণ্ড বাজেটৰ মুৰব্বী হিচাপে টাণ্ডেনক মনোনীত কৰিছিল যদিও চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছিল। টাণ্ডেনেই ইতিহাসৰ তিনিগৰাকীকৈ ৰাষ্ট্ৰপতিৰ বাবে হোৱাইট হাউছৰ নীতি পৰিষদক নেতৃত্ব দিয়া প্ৰথম গৰাকী এছিয়ান-আমেৰিকান লোক হিচাপে পৰিগণিত হ’ব।

নীৰা টাণ্ডেনে ওবামা আৰু ক্লিণ্টন দুয়োটা প্ৰশাসনৰ লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰু থিংক টেংকতো কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.