নেচনেল ডেস্ক:

 

বিহাৰৰ বেগুচৰাই জিলাৰ গান্দক নদীত অঘটন। পাঁচজন যুৱক একেলগে ডুব গ’ল গান্দক নদীত । জানিব পৰা মতে পাঁচজন যুৱকৰ ভিতৰত তিনি যুৱক চুবুৰীয়া জিলা মুংগেৰ আৰু মাধেপুৰাৰ আছিল। সম্পৰ্কীয়ৰ বিয়া খাবলৈ আহি গান্দক নদীত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি ল’লে পাঁচ যুৱকে। ঘটনাস্থলীত ডুবাৰু আৰু নাৱৰীয়াসকল উপস্থিত হৈ ৫ যুৱকৰ ভিতৰত এজন যুৱকৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাকী চাৰি যুৱকক বিছাৰি অভিযান অব্যাহত ৰাখিছে স্থানীয় উদ্ধাৰকাৰী দলে।

 

গাওঁখনৰ মুৰব্বীজনে জনোৱা অনুসৰি, গান্দক নদীৰ পাৰত গা ধুবলৈ মুঠ ৯জন যুৱক গৈছিল। যুৱকৰ দলটোৱে ইজনে সিজনৰ হাতত হাত ধৰি নদীত গা ধুই থকা অৱস্থাত ডুব গৈছিল তাৰে পাঁচজন যুৱক । আন চাৰিজন যুৱক কোনোমতে ৰক্ষা পৰে।।

You might also like
Leave A Reply

Your email address will not be published.