ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু! 

নেচেনেল ডেস্ক :

নালন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত একেখন গাঁৱৰ তিনিজন যুৱকৰ মৃত্যু ।তীব্ৰবেগী ট্ৰেক্টৰে বাইকত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ সহযোগত তিনিও জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

চৰমেৰা থানা এলেকাৰ অন্তৰ্গত বিহটা-চৰমেৰা টু-লেনৰ চুহৰচাক গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

নিহত ৩ জন যুৱক চৰমেৰা থানা এলেকাৰ অন্তৰ্গত সাধা গাঁৱৰ নিবাসী মুৰাৰী কুমাৰ, ৰোহিত কুমাৰ আৰু ৰাহুল কুমাৰ বুলি জানিব পৰা গৈছে ।

নিহত ৰোহিতৰ পত্নীসহ দুটা সন্তান আছিল।বাকি দুই নিহত আছিল অবিবাহিত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.