প্ৰচণ্ড ভূমিকম্পই কঁপালে আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়া।

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰচণ্ড ভূমিকম্পই কঁপালে আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়া। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪:১৯ বজাত সংঘটিত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৫.৫ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ছাক্ৰেমেন্টোৰ ঠিক উত্তৰ-পূৱত আলমানোৰ হ্ৰদৰ সমীপত । খবৰটো সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। অবশ্যে এই পৰ্যন্ত কোনো ডাঙৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। ভূমিকম্পৰ সৈতে কোনো চুনামি সতৰ্কবাণী বা ভাবুকি নাই বুলিও জানিবলৈ দিয়ে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। জৰুৰীকালীন সেৱাৰ বিষয়া কৰ্মচাৰীয়ে যিকোনো ক্ষতিৰ মোকাবিলাৰ বাবে সাজু থকা বুলি জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.