প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ নাগৰিক সন্মান ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰ’ প্ৰদান!

এই সন্মান হৈছে অসামৰিক বা সামৰিক ক্ষমতাত জাতিটোৰ সেৱাত অৰ্জন কৰা অসাধাৰণ যোগ্যতাৰ বঁটা

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হ’ল ফ্ৰান্সৰ সৰ্বোচ্চ নাগৰিক সন্মান ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰ’। এই সন্মান হৈছে অসামৰিক বা সামৰিক ক্ষমতাত জাতিটোৰ সেৱাত অৰ্জন কৰা অসাধাৰণ যোগ্যতাৰ বঁটা। ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে প্ৰদান কৰে এই সন্মান।

ফ্ৰান্সলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস (বেষ্টিল দিৱস)ৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ ল’ব। কালি সন্ধিয়া পেৰিছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ চেনেটৰ সকলৰ লগতে সাক্ষাৎ কৰে দেশখনৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণক। ফ্ৰান্সৰ বিখ্যাত কলা কেন্দ্ৰ লা চেইন মিউজিকেলত ভাৰতীয় মূলৰ বৈঠকত ভাষণ প্ৰদান কৰে মোদীয়ে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰিছৰ এলিচি পেলেচৰ চৰকাৰী বাসগৃহত ৰাষ্ট্ৰপতি মেক্ৰ’ন আৰু তেওঁৰ পত্নী ব্রিজেট মেক্ৰনৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণকালত দুয়ো দেশৰ মাজত সামৰিক আৰু পাৰস্পৰিক সহযোগীতাৰ ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.