আজি ১৫ জুলাই

▶️১৮১৫ চনৰ আজিৰ দিনটোতেই ৱাটাৰ্লুৰ যুদ্ধত পৰাজয়ৰ (১৮ জুন) পিছত নেপোলিয়ন বোনাপাৰ্টে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু পিছত তেওঁক ছেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হয়।
▶️১৯০৩ চনৰ এই দিনটোতেই বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিছখাৰৰ মৃত্যু।হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৫ চনৰ এই দিনটোতেই পণ্ডিত জৱাহৰলাল নেহৰুলৈ ‘ভাৰতৰত্ন’ সন্মান ঘোষণা।
▶️১৯৭৫ চনৰ এই দিনটোতেই আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান ‘এপ’ল-ছয়ুজ’ৰ বিস্ময়কৰ,অভূতপূৰ্ব সাফল্য। ১৯৭৫ চনৰ এই দিনটোতেই ভাৰতীয় সময়মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ‘ছয়ুজ-১৯’ যানখন উৎক্ষেপণ কৰাৰ লগে লগে এই অভিযান আৰম্ভ হয়।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু।
▶️১৯৮৬ চনৰ এই দিনটোতেই ভাৰতৰ সন্ধ্যা আগৰৱালাৰ মহিলা ক্ৰিকেট টেষ্টত ১৯০ ৰাণ সংগ্ৰহেৰে বিশ্ব অভিলেখ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ডায়েবেটিছ ৰোগৰ প্ৰতিষেধক হিচাপে এটা মাৰ্কিন সংস্থাৰ কেৰেলা,জামু আৰু বেঙেনাৰ পেটেণ্ট গ্ৰহণ, দেশজুৰি প্ৰতিক্ৰিয়া।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আগ্ৰাত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক ‘আগ্ৰা শীৰ্ষ বৈঠক’ আৰম্ভ।
▶️২০০৭ চনৰ এই দিনটোতেই ধূমপান নিষিদ্ধ কৰা দেশৰ প্ৰথমখন চহৰ ৰূপে পৰিগণিত হৈছিল চণ্ডীগড়।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.