মিৰাবাই চানুৰ নেতৃত্বত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ত পাঁচজনীয়া ভাৰতীয় দল!

৪ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ চৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ

স্প’ৰ্টছ ডেস্ক:

কিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মিৰাবাই চানুৰ নেতৃত্বত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ত পাঁচজনীয়া ভাৰতীয় দল। ৪ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ চৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ। ২০২৪ৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা হিচাপে গণ্য কৰা হ’ব বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ক।

ভাৰতৰ হৈ মহিলাৰ ৪৯ কেজি শাখাত অংশ ল’ব চানুৱে। আনহাতে, ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী বিন্দিয়াৰাণী দেৱীয়ে অংশগ্ৰহণ কৰিব মহিলাৰ ৫৫ কেজি ইভেণ্টত । ইফালে পুৰুষৰ দলটোত অচিন্তা শ্বেউলিয়ে বর্তমানৰ ৰাষ্ট্রীয় চেম্পিয়ন নাৰায়ণ অজিতৰ সৈতে ৭৩ কেজিত প্রতিদ্বন্দ্বিতা কৰিব ৷ নতুন দিল্লীত চলি থকা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰা শুভম টডকাৰো অৱতীৰ্ণ হ’ব এই প্ৰতিযোগীতাত।

ৰিয়াধৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ হ’ব মিৰাবাই চানুৰ বছৰটোৰ দ্বিতীয়খন প্ৰতিযোগিতা। যোৱা ডিচেম্বৰ মাহত হিপৰ অস্ত্ৰোপচাৰৰ পিছত পাঁচ মাহৰ জিৰণীৰ অন্তত ২৮ বছৰীয়া লিফ্টাৰগৰাকীয়ে মে’ মাহত এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.