ইণ্টাৰনেচনেল ডেস্ক:
বাংলাদেশত ঘূৰ্ণীবতাহ ছিট্ৰাঙৰ ত্ৰাস। ঘূৰ্ণীবতাহ ছিট্ৰাঙত স্তদ্ধ জনজীৱন। প্ৰৱল ধুমুহাত ইটাৰ ৰেলিং আৰু গছ-গছনি ভাঙি পৰাত এটা পৰিয়ালৰ তিনিজন সদস্যকে ধৰি কমেও ৭ জন লোকৰ মৃত্যু। দেশখনৰ ঢাকা, কুমিলা দৌলটখানৰ নগালকোট আৰু ভোলাৰ চাৰফেছন আৰু নাৰায়লৰ লোহাগৰাত প্ৰচণ্ড ধুমুহাৰ ফলত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰু বিধ্বংসী বতাহ। কক্স বজাৰ উপকূলৰ পৰা কমেও ২৮,১৫৫ জন লোকৰ লগতে ২,৭৩৬ টা পশুধন আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৫৭৬ টা আশ্ৰয় শিবিৰ প্ৰস্তুত কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষাৰ এটা নিৰীক্ষণ কোষো স্থাপন কৰা হৈছে।।