আজি ২৫ অক্টোবৰ

▶️১৪০০ চনৰ ২৫ অক্টোবৰত ইংৰাজ কবি জিঅ’ফ্ৰে চচাৰৰ মৃত্যু হৈছিল। ‘কেন্টাৰবুৰি টেলছ’ তেওঁৰ প্ৰসিদ্ধ সাহিত্যকৃতি।
▶️১৬৪৭ চনৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু হৈছিল।
▶️১৮৮১ চনৰ এই দিনটোতেই প্ৰখ্যাত চিত্ৰকৰ পাবলো পিকাছোৰ জন্ম হৈছিল।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ কাশ্মীৰ আক্ৰমণ। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ ভাৰতক সহায় প্ৰাৰ্থনা।
▶️১৯৫১ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই চীন ৰাষ্ট্ৰসংঘৰ সদস্য হোৱাৰ বিপৰীতে বহিস্কৃত হৈছিল টাইৱান।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ নেতা শ্বেখ মুজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়,তাৰ ব্যৱস্থা লবলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ।
▶️১৯৯৯ চনৰ এই দিনটোতেই দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক জে এম কোৱেৎজীক তেওঁৰ ‘ডিছগ্ৰেছ’ উপন্যাসৰ বাবে বুকাৰ বঁটা প্ৰদান কৰা হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পিপুলছ কনছালটেটিভ গ্ৰুপ (পিচিজি) আৰু কেন্দ্ৰৰ মাজত অনুষ্ঠিত হৈছিল প্ৰথমলানি আলোচনা।।

You might also like
Leave A Reply

Your email address will not be published.