বাবুল বৰুৱাৰ পিছত এইবাৰ কুমাৰ লামা!

নিউজ ডেস্ক:

পুনৰ বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ। অন্ধ্ৰ প্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ এজন লোকৰ মৃতদেহ। চেন্নাইৰ এখন হোটেলত কৰ্মত নিয়োজিত হৈ আছিল কুমাৰ লামা। যোৱা ২১ মে’ত গৃহজিলা বিশ্বনাথ চাৰিআলিৰ পৰা ৰে’লেৰে চেন্নাই অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল কুমাৰ লামাই।

অন্ধ্ৰ প্ৰদেশৰ ৰাজমান্দ্ৰী থানাই পৰিয়ালৰ সৈতে যোগাযোগ কৰি ইতিমধ্যে মৃত ব্যক্তিজনৰ ফটো প্ৰেৰণ কৰিছে পৰিয়াললৈ৷ অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে প্ৰেৰণ কৰা ফটোত কুমাৰ লামাৰ দেহৰ কেইবাটাও অংগত স্পষ্ট হৈছে আঘাতৰ চিন৷ মৃত ব্যক্তিজনৰ শৰীৰত দেখা আঘাতসমূহ প্ৰতক্ষ কৰাৰ পাছতে কুমাৰ লামাক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। কুমাৰ লামাৰ মৃতদেহ ঘৰলৈ ওভতাই আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷ উল্লেখ্য যে গহপুৰৰ বাবুল বৰুৱাৰ পিছত পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।।

You might also like
Leave A Reply

Your email address will not be published.