মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত ড্ৰেছ কোড নিৰ্ধাৰণ!

 

হাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত শুকুৰবাৰৰ পৰা আৰম্ভ কৰা হৈছে নিৰ্ধাৰিত ড্ৰেছ কোড৷
চলিত মাহৰ আৰম্ভণিতেই ৰাজ্যখনৰ তুলিজা ভৱানী মন্দিৰত এই প্ৰথাৰ প্ৰচলন কৰাৰ কথা প্ৰকাশ কৰা হৈছিল ৷
ইয়াৰ পাছতেই মহাৰাষ্ট্ৰ মন্দিৰ মহাসংঘই শুকুৰবাৰে নিৰ্ধাৰিত ড্ৰেছ কোডৰ আৰম্ভণি কৰে ৰাজ্যখনৰ ৪টাকৈ মন্দিৰত ।
জানিব পৰা মতে সংকটমোচন পঞ্চমুখী হনুমান মন্দিৰ, গোপালকৃষ্ণ মন্দিৰ, বৃহস্পতি মন্দিৰ আৰু দুৰ্গামাতা মন্দিৰত আৰম্ভ কৰা হৈছে এই প্ৰথা৷
পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিটো মন্দিৰতেই এই প্ৰৰ্থা আৰম্ভ কৰিব বুলি সদৰি কৰিছে। এই নিয়ম অনুসৰি, ভক্তসকলে মাৰ্জিত পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰত । তদুপৰি মন্দিৰৰ চৌহদৰ বিভিন্ন স্থানত উল্লেখ থাকিব বিশেষ নিয়মাৱলী ।
উল্লেখ্য যে, এই নিয়ম আৰম্ভ কৰাৰ কিছু সময়ৰ ভিতৰতেই সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে এই নিয়মাৱলী বন্ধ কৰিবলৈ বাধ্য হয় মহাৰাষ্ট্ৰ মন্দিৰ মহাসংঘই।।

You might also like
Leave A Reply

Your email address will not be published.