চৰাইদেউৰ সাপেখাতীত অঘটন

নিউজ ডেস্ক:

ৰাইদেউৰ সাপেখাতীত অঘটন৷ বিষাক্ত কাঠফুলা খাই অসুস্থ ৪জন৷ অসুস্থ কেইজনৰ নাম কামিং তামাং, জাগু হেমৰম, ধনদল ভূমিজ, দীপা তামাঙো৷ সাপেখাতীৰ পশ্চিম নলবৰীয়াত সংঘটিত হৈছে এই ঘটনা । চাৰিওজনকে সাপেখাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তী কৰোৱা হৈছিল যদিও তাৰে ৩জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে৷ আটাইকেইজনেই অত্যাধিক শৌচ, বমি ,মুৰ বিষত আক্ৰান্ত বুলি জানিব পৰা গৈছে৷ তিনিদিন পূৰ্বেও সাপেখাটীৰ কোৱৰীপথাৰ আৰু বগাবাঘত দুটা পৰিয়ালৰ ১৩জন লোক অসুস্থ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

You might also like
Leave A Reply

Your email address will not be published.