ব্ৰাজিলৰ উত্তৰ-পূবৰ ৰাজ্য পাৰ্নাম্বুকোত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা!

পুৰণি পৰিত্যক্ত আৱাসিক অট্টালিকা এটা ভাঙি পৰাৰ ফলত নিহত ১৪ গৰাকীকৈ গৃহহাৰা লোক

ইণ্টাৰনেচনেল ডেস্ক:

ব্ৰাজিলৰ উত্তৰ-পূবৰ ৰাজ্য পাৰ্নাম্বুকোত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ ৰেচিফেৰ প’লিষ্টা চহৰৰ উপকণ্ঠ অঞ্চলৰ এক দশকৰো অধিক পুৰণি পৰিত্যক্ত আৱাসিক অট্টালিকা এটা ভাঙি পৰাৰ ফলত নিহত হয় ১৪ গৰাকীকৈ গৃহহাৰা লোক। মৃতসকলৰ ভিতৰত ছয়টি শিশুও আছে। স্নিফাৰ ডগৰ সহায়ত অব্যাহত ৰখা হৈছে ধ্বংসাৱশেষৰ পৰা জীৱিত লোকসকলৰ উদ্ধাৰ অভিযান। দুগৰাকী ১৫ বছৰীয়া ছোৱালী আৰু এগৰাকী ৬৫ বছৰীয়া মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে প্ৰশাসনে পৰিত্যক্ত ঘোষণা কৰাৰ পিছতো এনে অট্টালিকাসমূহ ব্যৱহাৰ কৰি আহিছে দেশখনৰ একাংশ আশ্ৰয়হীন লোকে।

অনুৰূপ ঘটনাৰ তিনিমাহ নৌহওঁতেই সংঘটিত হ’ল দ্বিতীয়টো শোকাৱহ ঘটনা। উল্লেখ্য যে, এপ্ৰিল মাহত চুবুৰীয়া অলিণ্ডাত এটা অট্টালিকা ভাঙি যোৱাৰ ফলত মৃত্যু হৈছিল কমেও পাঁচগৰাকী লোকৰ।।

You might also like
Leave A Reply

Your email address will not be published.