ব্ৰাজিলৰ দক্ষিণৰ পাৰানা ৰাজ্যত ভয়ংকৰ বাছ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

ব্ৰাজিলৰ দক্ষিণৰ পাৰানা ৰাজ্যত ভয়ংকৰ বাছ দুৰ্ঘটনা।ইগুয়াজু জলপ্ৰপাতলৈ যোৱা এখন টুৰিষ্ট বাছ বাগৰি পৰাত কমেও ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন ২২ গৰাকী লোক। উল্লেখ্য যে, ৫৪ গৰাকী লোক কঢ়িয়াই অনা বাছখনে চান্টা কেটাৰিনা ৰাজ্যৰ ৰাজধানী ফ্ল’ৰিয়ানোপলিছৰ পৰা আৰু দক্ষিণলৈ আৰ্জেণ্টিনা আৰু পেৰাগুৱেৰ সীমান্তৱৰ্তী ব্ৰাজিলৰ এখন চহৰ ফজ ডু ইগুয়াকুলৈ গৈ থকা পথত সংঘটিত হয় এই দুৰ্ঘটনা। বি আৰ-২৭৭ ঘাইপথৰ পৰা পাৰানা চহৰ ফাৰ্নাণ্ডেছ পিনহেইৰোৰ এটা পাহাৰৰ দ খাদত বাগৰি পৰে যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.