স্প’ৰ্টছ ডেস্ক:
ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ। আগন্তুক বাংলাদেশ ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত হৈছে বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ উমা চেত্ৰীয়ে। ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল উমা চেত্ৰী । টি-২০ আৰু এদিনীয়া দুয়োটো ফৰ্মেটৰ বাবে উইকেট কীপাৰ বেটছমেন হিচাপে দলত স্থান লাভ কৰে উমাই । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভ্ৰমণ কৰিবলগীয়া দলটোয়ে বাংলাদেশত তিনিখনকৈ টি-২০ আৰু এদিনীয়াত অংশ গ্ৰহণ কৰিব।
শেহতীয়াকৈ হংকঙত অনুষ্ঠিত এছিয়া ইমাৰ্জিং ক্ৰিকেট প্ৰতিযোগিতাত জয়ী হোৱা ইণ্ডিয়া এ দলৰো সদস্যা আছিল উমা। ভাৰতৰ হৈ খেলিবলৈ সুযোগ পোৱা দুয়োখন মেচতে উইকেট কীপাৰ,বেটছমেন হিচাপে উমাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।।