পশ্চিম বংগত নিৰ্বাচনকেন্দ্ৰীক হিংসাত্মক ঘটনা!

বোমা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় দুজন লোক

নেচনেল ডেস্ক:

শ্চিম বংগত নিৰ্বাচনকেন্দ্ৰীক হিংসাত্মক ঘটনা। ৮ জুলাইৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ কেইবাটাও স্থানত সংঘটিত হৈছে হিংসাত্মক ঘটনা। হিংসাত্মক ঘটনাৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে ক্ষতিসাধন হৈছে অজস্ৰ সা-সম্পত্তি । সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনমুখী পশ্চিম বংগত সংঘটিত হোৱা বোমা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় দুজন লোক। মৃত লোকজন পৰিতোষ মণ্ডল বুলি জানিব পৰা গৈছে। আহতসকলক উন্নত চিকিৎসাৰ বাবে কলকাতাৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উত্তৰ ২৪ পৰগনা জিলাৰ হাৰোৱা অঞ্চলৰ শালীপুৰ গাঁৱত গভীৰ নিশা সংঘটিত হয় এই ঘটনাটো।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.