নেচনেল ডেস্ক:

ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। শনিবাৰে মধ্যপ্ৰদেশৰ মৰেনাত দুৰ্ঘটনাগ্ৰস্ত হয় যুদ্ধ বিমান দুখন। দুৰ্ঘটনাগ্ৰস্ত যুদ্ধ বিমানৰ এখন এখন ছুখয়-৩০ আৰু আনখন মিৰাজ ২০০০। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুই পাইলট। ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বায়ুসেনাৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰাৰ লগতে পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে বুলি প্ৰতিৰক্ষা সূত্ৰে প্ৰকাশ। আনহাতে, আকাশৰ মাজত সংঘৰ্ষ হৈছিল নে নাই সেইটো নিৰ্ণয় কৰিবলৈ আই এ এফে তদন্তৰ নিৰ্দেশ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.