আজি ২৮ জানুৱাৰী

▶️১৮৬৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ জাতীয়তাবাদী নেতা লালা ৰাজপত ৰায়ৰ জন্ম হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই দৰং জিলাৰ পথৰুঘাটত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ।’পথৰুঘাটৰ ৰণ’ নামেৰে জনাজাত এই কৃষক বিদ্ৰোহত ১৪০ গৰাকী লোক নিহত আৰু ডেৰ শতাধিক লোক আহত হৈছিল।
▶️১৮৯৮ চনৰ এই দিনটোতেই ভগ্নী নিবেদিতাৰ ভাৰত আগমন আৰু স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
▶️১৯০০ চনৰ এই দিনটোতেই ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ-ইন-চীফ জেনেৰেল কে এম কেৰিয়াপ্পাৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক, ভাৰতীয় মুছলমান চৌধুৰী ৰহমত আলীৰ লণ্ডনৰ এখন হোটেলত প্ৰায় পাঁচ পৃষ্ঠাৰ এটা টোকা পাঠ।এই টোকাতে তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত বিভাজনৰ পৰামৰ্শ দাঙি ধৰে আৰু পাকিস্তান নামৰ এখন ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়।পাকিস্তানৰ অৰ্থ ‘বিশুদ্ধ সকলৰ বাসভূমি (Land of Pure)’।ৰহমত আলীয়ে PAKISTAN শব্দটো ভাঙনি কৰিছিল এনেদৰে- P-পঞ্জাৱ, A-আফগানিস্তান, K- কাশ্মীৰ, S-সিন্ধু, TAN-বেলুচিস্তান।উৰ্দুত লিখা আলীৰ পাকিস্তান শব্দটোত ‘I’ আখৰটো নাছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই ষ্টিলৱেল পথ মুকলি।ৰাজনৈতিক পৰিস্থিতিৰ বাবে কেইবছৰমানৰ পাছতে এই পথেৰে যাতায়ত বন্ধ কৰি দিয়া হয়।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত ভাৰতৰ উচ্চতম ন্যায়ালয় মুকলি।ন্যায়াধীশ হৰিলাল জে কানিয়া হৈছিল প্ৰথম মুখ্য ন্যায়াধীশ।
▶️১৯৮৬ চনৰ এই দিনটোতেই মাৰ্কিন মহাকাশযান ‘চেলেঞ্জাৰ’ উৎক্ষেপণৰ মাত্ৰ ৭৩ ছেকেণ্ডৰ পাছতে ভূপতিত হৈ ৭ মহাকাশচাৰীৰ মৃত্যু ঘটিছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই কবি-ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ এই দিনটোতেই ১১ হেজাৰ ৰানেৰে এদিনীয়া আন্তৰ্জাতিকত শচীন তেণ্ডুলকাৰৰ বিশ্ব অভিলেখ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই কপিলদেৱলৈ ‘ছিয়েট’ৰ শতাব্দীৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.