ইণ্টাৰনেচনেল ডেস্ক:

ভাৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে ১২টা চিতাবাঘ স্থানান্তৰিত কৰাৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হব চিতাকেইটা । ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৭টা মতা আৰু ৫ জনী মাইকী চিতা কুনোত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰে প্ৰকাশ। আনহাতে এটা দশকৰ বাবে প্ৰতি বছৰে ১২টাকৈ চিতা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ বিভাগৰ এক বিবৃতিত প্ৰকাশ। যোৱা বছৰৰ জুলাই মাহৰ পৰা দক্ষিণ আফ্ৰিকাত কোৱাৰেণ্টাইনত থকা ১২টা চিতা জানুৱাৰীত কুনোত উপস্থিত হোৱাৰ সম্ভাৱনা আছিল যদিও দক্ষিণ আফ্ৰিকাৰ কিছুমান প্ৰক্ৰিয়াত কিছু সময় লোৱাৰ ফলত স্থানান্তৰিত প্ৰক্ৰিয়াত পলম হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.