সোমবাৰে নিশা মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ ৱাংগোই থানাৰ অন্তৰ্গত মায়াই লম্বী ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।ইম্ফল পশ্চিমৰ উচিয়া মায়াই লেইকাইৰ বাসিন্দা কংখাম জয়ন্ত নামৰ লোকজনে চলোৱা গাড়ীখন তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ওচৰৰ পুখুৰীত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। দুৰ্ঘটনাত নিহত হয় দুটি কণ্যা শিশুসহ এজন লোক। গাড়ীখন ইম্ফলৰ পৰা উত্তৰ-পূবৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদৰ সমীপৰ উচিৱা গাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো। স্থানীয় লোকে পুখুৰীত ডুব যোৱা গাড়ীখনৰ পৰা তিনিওজনক উলিয়াই আনিবলৈ সক্ষম হয়। তিনিও আঘাটপ্ৰাপ্তক ততাতৈয়াকৈ ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় যদিও এটি শিশু কণ্যা চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যুক সাৱটি লয়। আনহাতে, মঙলবাৰে চিকিৎসালয়ত মৃত্যু হয় আনটি শিশুসহ লোকজনৰ।।
