আজি ৩ জানুৱাৰী

▶️১৮৩৬ চনৰ এই দিনটোতেই এছিয়াৰ প্ৰাচীনতম প্ৰকাশন তথা মুদ্ৰন প্ৰতিষ্ঠান ‘নৱল কিশোৰ প্ৰেছ এণ্ড বুক ডিপো’ৰ প্ৰতিষ্ঠাতা মুন্সী নৱল কিশোৰৰ জন্ম হৈছিল।
▶️১৮৮০ চনৰ আজিৰ দিনটোতেই মুম্বাইৰ পৰা প্ৰকাশিত প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ইলাষ্ট্ৰেটেড উইকলী অব ইণ্ডিয়া’ৰ প্ৰথম প্ৰকাশ।
▶️১৮৮৩ চনৰ এই দিনটোতেই ব্ৰিটিছ ৰাজনীতিবিদ ক্লিমেন্ট এটলিৰ জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ জনসাধাৰণৰ প্ৰবল হেঁচাত দ্বিতীয় মহাসমৰৰ আজাদ হিন্দ ফৌজৰ তিনিজন শীৰ্ষ নেতাক মুক্তি।১৯৪৫ চনৰ পৰা এই তিনি নেতা শ্বাহনাৱাজ খান,কৰ্নেল ধীলন আৰু কৰ্নেল হবিবুৰ ৰহমান দিল্লীৰ লালকিল্লাত বিচাৰাধীন হৈ আছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই ছাৰ এডমাণ্ড হিলাৰীৰ এভাৰেষ্টৰ দক্ষিণ মেৰুত পদাৰ্পণ।
▶️১৯৯১ চনৰ এই দিনটোতেই এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ভাৰত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই তান্ত্ৰিক সাধনাৰ বাবে উত্তৰ প্ৰদেশৰ মেঘৰান নামৰ এখন গাঁৱৰ এগৰাকী ৮ বছৰীয়া ছোৱালীক বলি।দেশজুৰি প্ৰতিক্ৰিয়া।
▶️১৯৯১ চনৰ এই দিনটোতেই ৰাষ্ট্ৰীয় মৰ্চা আৰু বামপন্থী দলবোৰক লৈ গঠিত সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল। সমিতিৰ আহ্বায়ক আছিল এন টি ৰামাৰাও।সদস্য আছিল বিশ্বনাথ প্ৰতাপ সিং,হৰকিষণ সিং সুৰজিত আৰু ইন্দ্ৰজিৎ গুপ্ত।
▶️২০০২ চনৰ এই দিনটোতেই ভাৰত-পাকিস্তান প্ৰসংগত ৱাশ্বিংটনত জৰ্জ বুশ্ব আৰু টনী ব্লেয়াৰৰ মাজত আলোচনা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ষ্টিভ ৱ’ৰ ১০ হেজাৰ ৰান সম্পূৰ্ণ।
▶️২০০৫ চনৰ এই দিনটোতেই ৰাষ্ট্ৰীয় সংগীতৰ পৰা ‘সিন্ধু’ শব্দ আঁতৰাবলৈ চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী প্ৰেৰণ।
▶️২০০৫ চনৰ এই দিনটোতেই শ্ৰীলংকাৰ এক ছুনামী আশ্ৰয় শিবিৰত দুগৰাকী গাভৰুক বলাৎকাৰ। বিশ্বজুৰি চাঞ্চল্য।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই ব্ৰহ্মপুত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ চিতাভস্ম বিসৰ্জন।
▶️২০০৬ চনৰ এই দিনটোতেই ৰাজ্য চৰকাৰৰ সাংস্কৃতিক নীতি ঘোষণা।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই যোগগুৰু বাবা ৰামদেৱৰ ঔষধ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ বিস্ফোৰক প্ৰতিবেদন। ৰামদেৱৰ ঔষধত মানুহৰ হাড়।
▶️২০০৬ চনৰ এই দিনটোতেই ব্ৰিটেইনত নতুন আইন।অবিবাহিত দম্পতীয়েও তুলি ল’ব পাৰিব শিশু।।

You might also like
Leave A Reply

Your email address will not be published.