ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনটোত তাই আহোম তথা অসমবাসীৰ বাবে দু:খবৰ। তাই সংস্কৃতিৰ সাধক, তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক, পয় ফুৰালুং সংঘৰ জ্যেষ্ঠ বিষয়ববীয়া, অসমৰ বিভিন্ন ঠাইত চকলং বিবাহ সমাপন কৰা অজিত গগৈ আজি মাজ নিশা ১২:১০ বজাত ডিব্ৰুগড়ৰ সৃষ্টি নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।তেখেতৰ মৃত্যু তাই আহোম জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বাবে এক অপুৰনীয় ক্ষতি । ১৯৩৪ চনৰ ৯ ছেপ্তেম্বৰত চুকীফা নগৰত জন্ম গ্ৰহণ কৰিছিল অজিত গগৈ। সদৌ তাই আহোম ছাত্র সন্থাই তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনাৰ বাবে ৰাজহুৱা সমবেদনা জ্ঞাপন কৰে।।

You might also like
Leave A Reply

Your email address will not be published.