মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী!

নেচনেল ডেস্ক:

মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শুকুৰবাৰে পুৱা ৩:৩০ বজাত ১০০ বছৰ বয়সত দেহাৱসান ঘটে হীৰাবেন মোডীৰ । প্ৰধানমন্ত্ৰীয়ে নিজে টুইট যোগে সদৰি কৰে খৱৰটো। অসুস্থতাৰ বাবে বুধবাৰে আহমেদাবাদৰ ইউ এন ইনষ্টিটিউট অৱ কাৰ্দিওল’জি এণ্ড ৰিছাৰ্জ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল হীৰাবেন মোডীক। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ কনিষ্ঠ ভাতৃ পংকজ মোডীৰ সৈতে গান্ধীনগৰ চহৰৰ সমীপৰ ৰায়ছান গাঁৱত বাস কৰিছিল হীৰাবেনে। আজি পুৱা গুজৰাটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে তেওঁৰ ৰায়ছান বাসগৃহত মাতৃক শ্ৰদ্ধাঞ্জলি জনায় আৰু তাৰ পিছত মাতৃৰ নশ্বৰ দেহৰ সৈতে শেষ ৰীতি-নীতিৰ বাবে শ্মশানলৈ লৈ যায়।।

You might also like
Leave A Reply

Your email address will not be published.