ইণ্টাৰনেচনেল ডেস্ক:
মেক্সিকোত ভয়ংকৰ বাছ দুৰ্ঘটনা। বিদেশী প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত শিশুসহ থিতাতে নিহত কমেও ১৮ গৰাকী লোক। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ২৩ গৰাকী লোক। দুৰ্ঘটনাটো সংঘটিত হয় উত্তৰ-পশ্চিম মেক্সিকোৰ নায়াৰিট ৰাজ্যৰ ৰাজধানী টেপিকৰ সমীপত। যাত্ৰীবাহী বাছখন এটা খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাছখনে মেক্সিকো চহৰৰ পৰা ছান ডিয়েগোৰ সীমান্তৱৰ্তী উত্তৰ-পশ্চিম টিজুয়ানালৈ গৈ আছিল। ইফালে, আৰক্ষীয়ে তীব্ৰবেগত গাড়ী চলোৱাৰ সন্দেহত আটক কৰিছে চালক জনক।।