আৰক্ষীৰ জালত জাভেদ আলী হত্যাকাণ্ডৰ মূল অভিযুক্ত!

নিউজ ডেস্ক:

হাতীগাঁও ফ্ৰেণ্ডছ পথৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। নিশা মন্দিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুছ ছাত্তাৰ নামৰ এজনক। ধৃত আব্দুছ ছাত্তাৰ জাভেদ আলীৰ সম্পৰ্কীয় ভাতৃ। পৰিয়াল কেন্দ্ৰীক সংঘাতৰ বাবে এসপ্তাহ পূৰ্বে হত্যাৰ বলি হৈছিল জাভেদ আলী। কাহিলীপুৱা মছজিদলৈ যোৱাৰ পথত অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰা হৈছিল অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলীক। জাভেদ আলীক হত্যা কৰিবৰ বাবে কেইজনমান লোকক চুপাৰি দিছিল আব্দুছ ছাত্তাৰে। ২৭ জুলাইত গুৱাহাটীৰ হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যা কণ্ডটো।

উল্লেখ্য যে, হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰে নিশা আৰক্ষীয়ে আটক কৰিছিল ৪ জনকৈ লোকক। বৰপেটা আৰক্ষীৰ সহযোগত হাতীগাঁও আৰক্ষীয়ে আটক কৰে চাৰিওকে। বাঘবৰৰ আগমন্দিয়া আৰু ভাতকুছিৰ পৰা আটক কৰা হয় দাৰোগ আলী, মহিবুল ইছলাম আৰু নুৰ মহম্মদ ওৰফে হাছক। বাঘবৰৰ তেতেলীতলৰ পৰা বগা নামৰ গাড়ীচালককো আটক কৰে আৰক্ষীয়ে। নিশাই চাৰিওকে গুৱাহাটীলৈ আনি গোপন স্থানত জেৰা চলোৱাৰ অন্তত বৃহস্পতিবাৰে নিশা হত্যাকণ্ডৰ মাষ্টাৰ মাইণ্ড আব্দুছ ছাত্তাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.