বহিঃৰাজ্যত বন্ধুৰ আক্ৰমণত প্ৰাণ গ’ল অসমৰ এজন শ্ৰমিকৰ!

নিউজ ডেস্কঃ-

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। জানিব পৰা মতে নিজ বন্ধুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে অসমৰ এজন শ্ৰমিকে । নিহত শ্ৰমিকজন চিৰাঙৰ বিজয়গাঁৱৰ ৪৫ বছৰীয়া অবিনাশ বৰ্মন বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি শ্ৰমিকজনক বন্ধুৱে কাঠৰ টুকুৰাৰে মূৰত কোবাই হত্যা কৰে। বাংগালুৰুৰ ভেলেণ্ডুৰ গেট নামৰ ঠাইত অট্টালিকাৰ কাম কৰি আছিল অবিনাশ বৰ্মনে। কৰ্মৰত অৱস্থাতে একে গাঁৱৰে বন্ধু সুকোমল বৰ্মনে হত্যা কৰে অবিনাশক । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী সুকোমল বৰ্মনক।

You might also like
Leave A Reply

Your email address will not be published.