মেৰাপানীৰ নাগালেণ্ড সীমান্তত এগাড়ী বিদেশী চিগাৰেট জব্দ!

অসম নাগালেণ্ড সীমান্তত মেৰাপানী আৰক্ষীৰ বৃহৎ সফলতা!

নিউজ ডেস্কঃ

সম নাগালেণ্ড সীমান্তত মেৰাপানী আৰক্ষীৰ বৃহৎ সফলতা। নাগালেণ্ডৰ পৰা অবৈধ বিদেশী চিগাৰেট ভৰ্তি এখন গাড়ী জব্দ কৰে আৰক্ষীয়ে৷ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ কলাজান অভিমুখী ‌অবৈধ চিগাৰেট ভৰ্তি গাড়ীখন‌ জব্দ কৰিবলৈ সক্ষম হয়৷ ১৪২ নং চি.আৰ.পি.এফৰ চাউনী পাৰ হৈ অসমত প্ৰৱেশ কৰোতেই আৰক্ষীয়ে গাড়ী চালকসহ বিদেশী চিগাৰেটখিনি জব্দ কৰে৷জব্দকৃত বাহন খনৰ নম্বৰ AS05C 0756৷
জানিব পৰা মতে দীৰ্ঘদিন ধৰি সীমান্তইদি নাগালেণ্ডৰ পৰা অসমৰ মাজেদি অবৈধভাৱে বিদেশী চিগাৰেটৰ ৰমৰমীয়া বেহা চলাই আহিছিল আটকাধীন ইয়াকুব ইছলাম আৰু তেওঁৰ পিতৃ ফাইজুল হকে৷ইতিমধ্যে সৰবৰাহকাৰী পিতা-পুত্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷।

You might also like
Leave A Reply

Your email address will not be published.