ন্যায়াধীশ ৰবিন ফুকনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি!

কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে এক বিবৃতি যোগে ন্যায়াধীশ ৰবিন ফুকনক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে

নিউজ ডেস্ক:

ন্যায়াধীশ ৰবিন ফুকনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে এক বিবৃতি যোগে ন্যায়াধীশ ৰবিন ফুকনক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে ফুকনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে, স্থায়ী ন্যায়াধীশলৈ পদোন্নতি পোৱাৰ আগতে অতিৰিক্ত ন্যায়াধীশসকলে দুবছৰৰ কাৰ্যকাল কটাবলগীয়া হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা অনুসৰি ‘ভাৰতীয় সংবিধানৰ ২১৭ নং অনুচ্ছেদৰ দফা-১ৰ কৰ্তৃত্বৰে ৰাষ্ট্ৰপতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰবীন ফুকনক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। উল্লেখ্য যে ফুকনৰ নামটো ন্যায়াধীশ পদৰ বাবে পৰামৰ্শ ৰূপে আগবঢ়াইছিল ‘দ্য চুপ্ৰিম ক’ৰ্ট কলেজিয়াম’এ।।

You might also like
Leave A Reply

Your email address will not be published.