ম্যানমাৰত সাগৰীয় ঘূৰ্ণিবতাহ ‘মোখা’ৰ কালৰূপ!

নিউজ ডেস্কঃ

ম্যানমাৰত সাগৰীয় ঘূৰ্ণিবতাহ ‘মোখা’ৰ কালৰূপ! সাগৰীয় ঘূৰ্ণিবতাহৰ কলৰূপৰ ফলত ম্যানমাৰৰ সাগৰীয় উপকূলীয় অঞ্চলত এই পৰ্যন্ত ৬জন লোকৰ মৃত্যু৷ নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে প্ৰায় ২০ হাজাৰ লোকে৷ বাংলাদেশৰ ছেইণ্ট মাৰ্টিন দ্বীপ অতিক্ৰম কৰি গৈছে ঘূৰ্ণিবতাহ ‘মোখা’ই ৷

ছিটউইতো প্ৰতিঘন্টাত ২০৯ কিঃমিঃ বেগত বলিছে এই বতাহ৷ মোচ্চাৰ কালৰূপে ভাঙি তচনচ কৰিছে হাজাৰ হাজাৰ লোকৰ বাসগৃহ ৷ প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে টাৱাৰৰ লগতে ঘৰ-দুৱাৰ৷
ধুমুহাৰ ফলত ম্যানমাৰৰ তিনিখনকৈ চহৰৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে৷মোচ্চাৰ সংহাৰ উত্তৰ-পূবৰ দিশে অব্যাহত থকাৰ আশংকা কৰা হৈছে৷ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সৰ্তকবাণী৷ পশ্চিম বংগটো ঘূৰ্ণিবতাহ ‘মোচ্চা’ক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে৷।

You might also like
Leave A Reply

Your email address will not be published.