নেচনেল ডেস্ক:

হিমাচল প্ৰদেশৰ ধৰমশালাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে ধৰমশালা চহৰৰ সমীপৰ উথ্ৰাগ্ৰাণ পঞ্চায়তৰ ৰাছেহৰ গাঁৱত এখন কেণ্টাৰ ট্ৰাক পথৰ পৰা ছিটিকি প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ খাৱৈত পৰি যোৱাৰ ফলত এটা পৰিয়ালৰ শিশু আৰু মহিলাসহ ৫ গৰাকী লোক নিহত হয়। আনহাতে ঘটনাটোত গুৰুতৰভাৱে আহত হয় ৫গৰাকী লোক ।জানিব পৰা মতে, চাৰিগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। দুপৰীয়া চপোৱা ঘেঁহু লৈ ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ পাছতে স্থানীয় লোকৰ সহযোগত
আৰক্ষী আৰু SDRFএ ভূক্তভোগী সকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.