নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল মৃত্যু।৪৩ বছৰ বয়সত আজি বিয়লি ২-৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক শৰ্মাই। চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ নি থকা অৱস্থাত ৰহাত মৃত্যু হয় যুৱ সাংবাদিকজনৰ। উচ্চ ৰক্তচাপত বুধবাৰে নিশা ঘৰতেই অসুস্থ হৈ পৰিছিল তেওঁ। তাৰ পিছতেই তেওঁক ততাতৈয়াকৈ ভৰ্ত্তি কৰোৱা হৈছিল নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত। বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল গুৱাহাটীলৈ। ‘আজিৰ বাতৰি’ৰ জৰিয়তে ৯৬ চনত সংবাদসেৱা আৰম্ভ কৰা শৰ্মাই ‘দৈনিক অগ্ৰদূত’, ‘প্ৰাইম নিউজ’,’প্ৰাগ নিউজ’ আদি সংবাদ প্ৰতিষ্ঠানতো জড়িত হৈ পৰিছিল।শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ সৈতে জড়িত আছিল সাংবাদিকগৰাকী। সাংবাদিক গৰাকীৰ অকাল মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে।।
