আজি ১০ নৱেম্বৰ

▶️১৪৮৩ চনৰ এই দিনটোতেই সংস্কাৰবাদী আন্দোলনৰ নেতা,ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হৈছিল।
▶️১৬৯৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ উইলিয়াম হগাৰ্থৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ এই দিনটোতেই মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা কামাল পাছাৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই বাৰ্লিন ৱাল ধ্বংস। পূব-পশ্চিম জাৰ্মানীৰ পুনৰ্মিলনৰ প্ৰথম খোজ।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী ৰূপে চন্দ্ৰশেখৰৰ শপতগ্ৰহণ আৰু কেন্দ্ৰত এখন সংখ্যালঘু চৰকাৰ গঠন।
▶️১৯৮২ চনৰ এই দিনটোতেই পৃথিৱীৰ আকাশত দৃশ্যমান হৈছিল হেলীৰ ধুমকেতু।
▶️২০০৪ চনৰ এই দিনটোতেই পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটৰ মৃত্যু হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযান চন্দ্ৰ অভিমুখে উৎক্ষেপণ। এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখোদ-১ স্থাপন কৰে।
▶️১৬৬৯ চনৰ এই দিনটোতেই বিচক্ষণ সেনাপতি আফজল খাঁ শিৱাজীৰ এজন অনুচৰৰ হাতত প্ৰতাপগড় দূৰ্গৰ কাষত নিহত হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান লিঅ’নিড ব্ৰেজনেভৰ মৃত্যু ঘটিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা ২১ বছৰ নিৰ্বাসনৰ অন্তত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ ভাৰতত প্ৰথমবাৰৰ বাবে খেলত অংশগ্ৰহণ। ক্লাইভ ৰাইচৰ নেতৃত্বত অহা দলটো ভাৰতৰ হাতত তিনি উইকেটত পৰাস্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.