জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা ১০:৩০ বজাত জম্মু-কাশ্মীৰৰ দ’দা জিলাৰ প্ৰেমনগৰৰ শিবনটত। জানিব পৰা মতে, দ’দাৰ পৰা কিষ্টৱাৰলৈ গৈ থকা অৱস্থাত এখন বাহন শিবনটত চেনাব নদীত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই সকলৰ মাজত এজন ৰাজস্থানৰ আৰু আন তিনিজন দ’দাৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.