ভয়ংকৰ ভূমিকম্পই কঁপালে নেপাল!

ইণ্টাৰনেচনেল ডেস্ক:

বুধবাৰে পুৱা ভয়ংকৰ ভূমিকম্পই কঁপালে নেপাল। ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। ভূমিকম্পৰ ফলত মৃত্যু ৬ জন লোকৰ। আনহাতে আহত হয় আন কেইবাজনো লোক।জানিব পৰা মতে, নেপালৰ ডোটি জিলাত ভূমিকম্পৰ ফলত এটা ঘৰ ভাঙি পৰাত মৃত্যু হয় ৬ জন লোকৰ । ভূমিকম্পৰ কেন্দ্ৰস্থল ভাৰতৰ উত্তৰ প্ৰদেশৰ পিলিভিত চহৰৰ পৰা প্ৰায় ১৫৮ কিলোমিটাৰ উত্তৰ-পূবে আৰু ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয়।ভাৰতৰ ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভূত হয়।

You might also like
Leave A Reply

Your email address will not be published.